Breaking News

কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ দেশে দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি পোৱাৰ সম্ভাৱনাই অধিক !


এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত ৰাষ্ট্ৰপতিৰ আসন কোনে দখল কৰিব তাক লৈ হ’ব প্ৰতিদ্বন্বিতা। সোমবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন।

এইক্ষেত্ৰত এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আগবাঢ়ি আছে ।  বিৰোধীয়ে শক্তিশালী প্ৰতিদ্বন্বিতা আগবঢ়াব বুলি সকলোৱে ভাবিছিল যদিও শেষ পৰ্যায়ত একত্ৰিত হৈ থাকিব নোৱাৰিলে বিৰোধী শক্তি।

আদিবাসী প্ৰাৰ্থী হোৱাৰ বাবে বহু কেইটা বিৰোধী দলে শেষ মুহূৰ্তত দ্ৰৌপদী মুৰ্মৰ পক্ষতে থিয় দিয়াৰ সম্ভাৱনাই অধিক বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

 ১৮ জুলাইত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব ২১ জুলাইত।

উল্লেখ্য যে লোকসভাত বৰ্তমান মুঠ সদস্যৰ সংখ্যা ৫৪৩ৰ ভিতৰত এন ডি এৰ মুঠ আসনৰ সংখ্যা ৩৩৬ । ইয়াৰ বিপৰীতে ইউ পি এ আৰু অন্যান্য দলৰ সাংসদৰ সংখ্যা ক্ৰমে মুঠ ১১০ আৰু  ৯৭ ।

No comments