Breaking News

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট গজল কণ্ঠশিল্পী ভূপিন্দৰ সিঙৰ সোমবাৰে দেহাৱসান ঘটে

 


দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট গজল কণ্ঠশিল্পী ভূপিন্দৰ সিঙৰ সোমবাৰে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত কণ্ঠশিল্পী গৰাকীৰ বয়স আছিল ৮২ বছৰ ।  বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সিং ভাৰতীয় সংগীত প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।ইতিমধ্যে বলীউডৰ বহু গীতত তেওঁ নিজৰ কণ্ঠ নিগৰোৱা সিঙৰ সোমবাৰে সন্ধিয়া গায়কজনৰ মৃত্যুৰ বিষয়ে  পত্নী মিথালী সিঙে সদৰি কৰে।   কিছুদিনৰ পৰা কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল কণ্ঠ শিল্পী গৰাকী ।আজি ​​পুৱা ১১.৩০ বজাত ওশিৱাৰা শ্মশানত ভূপিন্দৰ সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। ১৯৪০ চনৰ ৬ ফেব্ৰুৱাৰীত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল ভূপিন্দৰ সিঙে।মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ইয়াৰোপৰি বিভিন্ন জনে শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

No comments