Breaking News

ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পথ নিৰ্মাণত নিয়োজিত শ্ৰমিক সন্ধানহীন!

 


ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পথ নিৰ্মাণত নিয়োজিত শ্ৰমিক সন্ধানহীন! বিগত এটা সপ্তাহে সন্ধানহীন হৈ আছে অসমৰ ১৯ গৰাকীকৈ শ্ৰমিক।অৰুণাচলৰ কুৰুং কুমেই জিলাৰ ব’ৰ্ডাৰ ৰোড অৰগেনাইজেশ্যনৰ অধীনত পথ নিৰ্মাণত জড়িত থকা এই শ্ৰমিক কেইজন কুমেই নদীত পৰি সন্ধান হীন হোৱা বুলি সন্দেহ কৰা হৈছে । ইয়াৰে এজনৰ মৃতদেহ সোমবাৰে নিশা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।কুৰং কুমেই জিলাৰ হেড কোৱাৰ্টাৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আঁতৰত এক দুৰ্গম অঞ্চলত দলং নিৰ্মাণত জড়িত আছিল শ্ৰমিক কেইজন। অবশ্যে সন্ধনহীনৰ সন্দৰ্ভত কোনো গোচৰ তৰা হোৱা নাই। সেয়েহে জিলা প্ৰশাসনে এনে ঘটনাৰ অস্বীকাৰ কৰিছে। ইফালে  এই শ্ৰমিকজন কোন সেয়াও চিনাক্ত কৰা হোৱা নাই। আনহাতে যিসকল শ্ৰমিক সন্ধানহীন হৈ আছে বুলি প্ৰকাশ পাইছে সেই সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰাও সন্ধানহীন হোৱাৰ গোচৰ ৰুজু বা অভিযোগ দাখিল হোৱা নাই। শ্ৰমিক কেইজন প্ৰকৃততে অসমৰ কোন স্থানৰ  সেই বিষয়েও বৰ্তমান জানিব পৰা হোৱা নাই।

No comments