Breaking News

নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বিনামূলীয়া বহী বিতৰণ

 


 নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বিনামূলীয়া বহী বিতৰণ

নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক গোলাঘাট শাখাৰ উদ্যোগত  ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক বিনামূলীয়া বহী বিতৰণৰ কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি গোলাঘাট জিলাৰ পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত দৰঙ্গী গাঁও প্রাথমিক বিদ্যালয় আৰু ৪ নং আহোম গাঁও নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৮০ গৰাকী ছাত্র-ছাত্ৰীৰ মাজত  বিনামূলীয়াকৈ বহী বিতৰণ কৰে। বেংকটোৰ গোলাঘাট শাখাই কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰত্যেককে   দুখনকৈ বহী বিতৰণ কৰে। এই অনুষ্ঠানত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ  গোলাঘাট শাখাৰ সহকাৰী শাখা প্রধান দিগন্ত কুমাৰ দত্ত আৰু ঋণ বিভাগৰ  শাখা পৰিচালক  ৰাজু বৰাৰ উপস্থিতিত  বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰীৰ সহযোগত বহীসমূহ বিতৰণ কৰা হয়। ইপিনে বিভিন্ন সময়ত  নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে জনসাধাৰণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ সামাজিক কাম-কাজ কৰি থকাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনেদৰে বহী বিতৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে বিদ্যালয় দুখনৰ শিক্ষক-কৰ্মচাৰী  তথা বিদ্যালয় পৰিচালনা সমিতিয়ে বেংকৰ এই কাৰ্যক শলাগ লৈছে।


No comments