Breaking News

এলজি ভিকে চাক্সেনাৰ বিৰুদ্ধে ১,৪০০ কোটি টকাৰ কেলেংকাৰীৰ তদন্তদাবী এএপি বিধায়কৰ



খাদী আৰু গাওঁ উদ্যোগ আয়োগৰ (কেভিআইচি) অধ্যক্ষ হিচাপে কাৰ্যকালত নিষিদ্ধ মুদ্ৰা নোট সলনি কৰাৰ অভিযোগত লেফটেনেণ্ট গভৰ্ণৰ (এলজি) ভি কে চাক্সেনাৰ বিৰুদ্ধে তদন্তৰ দাবীত প্ৰতিবাদ আম আদমী পাৰ্টিৰ বিধায়কসকলে। তদন্তৰ দাবীত সোমবাৰে দিল্লী বিধানসভা চৌহদত ৰাতিটো থকাৰ সিদ্ধান্ত বিধায়কসকলৰ।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে অভিযোগ কৰিছে যে চাক্সেনাই তেওঁৰ কৰ্মচাৰীসকলক ২০১৬ চনত ১,৪০০ কোটি টকাৰ বিমুদ্ৰাকৰণ কৰা নোট সলনি কৰিবলৈ হেঁচা দিছিল, যেতিয়া তেওঁ খাদী আৰু গাওঁ উদ্যোগ আয়োগৰ (কেভিআইচি) অধ্যক্ষ আছিল।


" প্ৰতিবাদৰ অংশস্বৰূপে দিল্লী বিধানসভাতে ৰাতিটো থাকি এলজিৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবাদ জনাব বিধায়কসকলে

No comments