Breaking News

তিব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত মহিলা




গোলাঘাটৰ কছাৰীহাটত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম‌্য।নিশাৰ আন্ধাৰত পথচাৰীক খুন্দিয়াই হত্যা বালিভৰ্তি ডাম্পাৰৰ।ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰখনৰ।যোৱা নিশা গোলাঘাটৰ কছাৰীহাট তিনিআলিত সংঘটিত হৈছে এই ঘটনা।নাছৰিন বেগম নামৰ এগৰাকী মহিলাই পথৰ কাষত ঠিয় হৈ থকা অৱস্থাতেই মহতিয়াই থৈ যায় এখন তীব্ৰবেগী বালিভৰ্তি ডাম্পাৰে।ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে ডাম্পাৰখনে।ঘটনাৰ ওমান পাই গুৰুতৰভাৱে আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত আত্মীয়‌ই ভৰ্তি কৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

পিছে অৱস্থা অতি বেয়লৈ গতি কৰাত চিকিৎসকে মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰৰ পৰামৰ্শ দিয়ে।কিন্তু যোৰহাটলৈ নিয়াৰ সময়তেই মৃত্যুমুখত পৰে মহিলাগৰাকী।উল্লেখ্য যে তীব্রবেগী ডাম্পাৰৰ এনে দোৰাত্ম্য‌ই এতিয়া গোলাঘাটৰ বহু অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

No comments