Breaking News

নলবাৰী জিলাৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোৱৰণী দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

 


ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোৱৰণী দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসংখ্য দৰ্শকৰ উপস্থিতিত লোকেলোকাৰণ্য হৈ পৰে মুকালমুৱাৰ দেশভক্ত ময়দান। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰb দ্বাৰা পৰিচালিত চক্ৰধৰ ডেকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অংশগ্ৰহণ কৰে দিল্লী এফ চি আৰু চিৰাং দুৱৰা এফ চি দলে। সাংসদ কুইন ওজাই শুভ উদ্বোধন কৰা ফাইনেল খেল খনত ১-১ গলত অমীমাংসিতভাৱে সমাপ্ত হয়। পৰৱৰ্তী সময়ত ট্ৰাইবেকাৰৰ সহায়ত দিল্লী এফ চি দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। উত্তেজনাপূৰ্ণ ফাইনেল খেলখন উপভোগ কৰে সাংসদ কুইন ওজা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট লোকৰ লগতে অসংখ্য ক্ৰীড়াপ্ৰেমী ৰাইজে। উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত পঞ্জাৱ, কেৰেলা, শ্বিলঙকে ধৰি দেশৰ কেবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছিল।

No comments