Breaking News

কাজিৰঙাত অসম চৰকাৰৰ চিন্তন বৈঠকৰ আজি অন্তিম দিন

 


ডিজিটেল সংবাদ,কাজিৰঙাঃ  কাজিৰঙাত অসম চৰকাৰৰ চিন্তন বৈঠকৰ আজি অন্তিম দিন।অসমক সামাজিক, সাংস্কৃতিক,আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ আগুৱাই নিয়াৰ উদ্দেশ্যে  ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া চিন্তন বৈঠকৰ আজি অন্তিমটো দিন। প্রথম দনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেইবাজনো মন্ত্ৰী, বিষয়াৰ লগতে সদ্ গুৰু উপস্থিত থাকে।দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰ তাৰিখে আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ দেৱে  প্ৰৱচন আগবঢ়াই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আজিৰ চিন্তন শিবিৰত অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ, কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ  উপৰিও অসমৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া তথা মন্ৰী উপস্থিত আছে।

No comments