Breaking News

মেৰাপানীৰ পদুম পথাৰৰ যুৱ কৃষক অঞ্জল লিম্বুলৈ 'জৈৱিক ইণ্ডিয়া এৱাৰ্ড-২০২২' ৰ ৰাষ্টীয় সন্মান ।

 


বাবুল দাস, মেৰাপানীঃ মেৰাপানীৰ পদুম পথাৰৰ যুৱ কৃষক অঞ্জল লিম্বুলৈ 'জৈৱিক ইণ্ডিয়া এৱাৰ্ড-২০২২' ৰ ৰাষ্টীয় সন্মান ।  জৈৱিক কৃষিৰে অসমৰ পৰা বহিঃৰাজ্যৰ লগতে ইউ এচ, ডুবাই লৈ আদা, হালধি ৰপ্তানি কৰি বহু জনৰ বাবে আদৰ্শ কৃষক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা মেৰাপানী মহকুমাৰ সৰুপানী গাঁও পঞ্চায়তৰ পদুম পথাৰ গাঁৱৰ আৰ্দশ যুৱ কৃষক অঞ্জল লিম্বুক প্ৰদান কৰা হৈছে 'জৈৱিক ইণ্ডিয়া এৱাৰ্ড-২০২২' ৰ ৰাষ্ট্ৰীয় সন্মান। যোৱা ২৩ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজ হোটেলত অনুষ্ঠিত হোৱা অৰ্গেনিক ফুড ইণ্ডিয়া কনক্লেভ-২০২২ ৰ এক আড়ম্বপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালায়ৰ দ্বাৰা অনুমোদিত জৈৱিক কৃষিৰ বাবে আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰৰ পৰা জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ শিতানত যুৱ কৃষক গৰাকীলৈ এই বঁটা প্ৰদান কৰে। অসমৰ হৈ এই বঁটা লাভ কৰা অঞ্জল লিম্বুৱে ইতিমধ্যেই ৰাজ্যৰ এগৰাকী আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈ নিজৰ লগতে তেওঁৰ উদ্যোগত গঠন কৰা পদুম পথাৰ অৰ্গেনিক এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে অঞ্চলটোৰ পোন্ধৰশ কৃষকক লগত লৈ অসম চৰকাৰৰ কৃষি আৰু হৰ্টিকালচাৰ বিভাগৰ সহযোগত সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে আদা, হালধিৰ খেতি কৰি বহিঃৰাজ্যৰ লগতে ইউ এচ, চৌদি আৰৱলৈ ৰপ্তানি কৰি সমাদৃত হৈছে। আধা, হালধিৰ খেতিৰ লগতে অঞ্জল লিম্বুৰ নেতৃত্বত কৃষক সকলে জৈৱিক পদ্ধতিৰে নেমু, অমিতা, ৰঙালাও, কচু, কল আদিৰ খেতি কৰি বৃহৎ অৰ্থনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অঞ্জল লিম্বুৰ এই সফলতাই মেৰাপানীবাসীৰ লগতে ৰাজ্যৰ অন্যান্য যুৱ কৃষক সকলক গৌৰাম্বিত কৰাৰ লগতে কৃষিৰ জড়িয়তেও যে আত্মনিৰ্ভশীল আৰু কৃতকাৰ্যতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

No comments