Breaking News

গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰ

 


ডিজিটেল সংবাদ, গোলাঘাট; গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰৰ আজি দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু আমোলাৰ উপস্থিতিত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰে তেখেতৰ মূল্যবান প্ৰৱচন আগবঢ়ায় কাৰ্যসূচীৰ অংশৰূপে উপস্থিত মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে আধ্যাত্মিক গুৰুগৰাকীৰ এটা মত-বিনিময় কাৰ্যসূচীও অনুষ্ঠিত হয় ।আজিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম, শ্ৰীযুত পৰিমল শুক্লবৈদ্য, শ্ৰীযুত কেশৱ মহন্ত, শ্ৰীযুত ৰনোজ পেগু, শ্ৰীযুত অশোক সিংহল, শ্ৰীযুত যোগেন মহন, শ্ৰীযুত সঞ্জয় কিষাণ, শ্ৰীযুতা অজন্তা নেওগ, শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, শ্ৰীযুত পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল ।

No comments