Breaking News

গোলাঘাটত গছ কটাৰ প্ৰতিযোগিতা!পাৰ্ক উন্নয়নৰ নামৰ এফালৰ পৰা মূল্যবান গছ গছনিৰ চলিছে ধ্বংসযজ্ঞ।

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত গছ কটাৰ প্ৰতিযোগিতা!পাৰ্ক উন্নয়নৰ নামৰ এফালৰ পৰা মূল্যবান গছ গছনিৰ চলিছে ধ্বংসযজ্ঞ।CIDF project ৰ অধীন কোটি কোটি টকা খৰচ কৰি চলা পাৰ্ক নিৰ্মাণকাৰ্যৰ মূল অংশ বনজ সম্পদৰ ধ্বংসলীলা।যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে ৰাজ্য খনতেই ব্যাপক হাৰত গছপুলি ৰোপনৰ পদক্ষেপ হাতত লৈছে, তেনে সময়ত গোলাঘাটৰ পাৰ্ক সমূহত চলিছে গছ কটাৰ প্ৰতিযোগিতা। পাৰ্ক উন্নয়নৰ নামত চলিছে পৰিৱেশ ধ্বংসৰ আখৰা। গোলাঘাট নগৰ খনৰ উন্নয়নৰ বাবে আৱন্টিত CIDF ৰ ১০০ কোটি টকাৰ ভিতৰত বৰ্তমানলৈ মাথো গোলাঘাট নগৰৰ প্ৰতিখন পাৰ্কৰ উন্নয়ন অব্যাহত আছে যদিও পাৰ্ক সমূহত থকা বহু গছ কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। গোলাঘাট চহৰত পাৰ্ক উন্নয়ণৰ নামত বহু পুৰণি গছ-গছনি কাতি তহিলং কৰিছে। যি সময়ত  খৰাংপিড়িত  এলেকা হিচাপে দেশৰ ১৬ খন জিলাৰ ভিতৰত গোলাঘাট জিলাও অন্তভূক্ত হৈছে ; তেনে সময়তে গোলাঘাটত শিশু উদ্যান ; খেলপথাৰ উন্নয়ণৰ নামত পৌৰসভাই গছসমূহ কাতি তহিলং কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে নগৰখনৰ সচেতন নাগৰিক। আজি পুৱাৰেপৰা ৰাজ্যিক পৰিবহন নিগমৰ সন্মুখত থকা জ্যোতিময়ী শিশু উদ্যানখনৰ গছসমূহ কটা কাৰ্যত গৰিহণা দিছে বিভিন্নজনে ৷  পূৰ্বৰ টনকিয়াল অৱস্থাক আৰু অধিক সৌন্দৰ্য্যবৰ্দ্ধনৰ নামত চলিছে নানান ৰূপৰ নানান কাৰ্য্য।  গছ থাকিলেহে এখন পাৰ্কৰ সৌন্দৰ্য বৃদ্ধি পায়। কিন্তু কাৰ নিৰ্দেশত পাৰ্কৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে এনেদৰে গোলাঘাটত গছ কাটি ধ্বংস কৰা হৈছে, সেইয়া চিন্তনীয় বিষয় হৈ পৰিছে ইপিনে, উন্নয়নৰ নামত পাৰ্কৰ গছ কটা বিষয়ত চিন্তিত হৈ পৰিছে নগৰখনৰ সচেতন নাগৰিক তথা লেখক অমল চন্দ্ৰ কোঁৱৰে। 

No comments