Breaking News

শ্ৰীমন্ত শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক।


ডিজিটেল সংবাদ, সোণাৰিঃ
 এইবাৰ সোণাৰিত শংকৰদেৱ সংঘৰ বিতৰ্কিত সিদ্ধান্ত। বৌদ্ধ মন্দিৰ চাবলৈ যোৱাৰ বাবেই বহিষ্কাৰ কৰিলে স্বামীহাৰা মহিলাক। ৰাজ্যজুৰি চকলং বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই শ্ৰীমন্ত শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক। চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে কৰিলে সমাজচ্যুত।  বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবে জুটুলনি গাঁৱৰ বুলু শইকীয়া, নিৰু গগৈ,ৰীতা গগৈৰ পৰিয়ালক সমাজচ্যুত কৰিলে সংঘই । অৱশেষত ইয়াৰে নিৰু গগৈৰ পৰিয়ালে পুনৰ শংকৰ সংঘৰ বিধিৰে শুদ্ধি হোৱাৰ বিপৰিতে  স্বামীহাৰা বুলু শইকীয়া আৰু ৰীতা গগৈ শৰণাপৰ্ণ হ’ল অনাসংঘৰ সমাজত।

No comments