Breaking News

ছিপাঝাৰৰ শুক্তাগুৰি গাঁও উন্নয়ন সমিতিৰ সৌজন্যত বিশাল সজাগতা সভা...



 ডিজিটেল সংবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ শুক্তাগুৰি গাঁও উন্নয়ন সমিতিৰ সৌজন্যত বিশাল সজাগতা সভা...কামৰূপ-দৰং সীমান্তৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং আৰু ২ নং শুক্তাগুৰি গাঁও উন্নয়ন সমিতিৰ সৌজন্যত দৰং জিলা প্ৰশাসনৰ সহযোগত আজি শুক্তাগুৰি ঈদগাহ ময়দানত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ মুখ্যতে অঞ্চলটোৰ বাসিন্দা সকলক শিক্ষা-স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ লগতে সমাজত দেখা দিয়া বাল্য বিবাহ,অপৰাধজনিত ঘটনা আদি ৰোধ কৰাৰ প্ৰয়াসেৰে এই সজাগতা সভা অনুষ্ঠিত  কৰা হৈছে বুলি জানিব দিছে গাঁও উন্নয়ন সমিতিৰ সভাপতি ইয়াৰ হুছেইন আৰু সম্পাদক ছাহিদুল ইছলামে ৷ সজাগতা সভাৰ কাৰ্য-ক্রমনিকা অনুসৰি বিয়লি অনুষ্ঠিত মুকলি সভাত
সভাপতিত্ব কৰে ১ নং শুক্তাগুৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছিবিৰ আলীয়ে ৷ মুকলি সভাত 
মুখ্য অতিথি হিচাবে উপস্থিত থাকে হেণ্ডবল ফেডাৰেছন দৰং জিলাৰ সভাপতি ওমৰ ফাৰুক
,মিজান কনচাল্টেন্সীয়েৰ সঞ্চালক মিজানুৰ ৰহমান, স্বাস্থ্য বিষয়া ডা° অৰ্চনা অগস্তি, ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা  প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আজিৰ মুকলি সভাৰ পূৰ্বে পুৱা ৮ বজাত ১,২ নং শুক্তাগুৰি গাঁও উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি
ইয়াৰ হুছেইনে ৷ পুৱা ৯ বজাত বৃক্ষৰোপন কাৰ্যসূচীত ৰোপক হিচাবে অংশগ্ৰহণ কৰে প্ৰধান শিক্ষক ফাৰুক ইছলাম,
ডিম্বেশ্বৰ চহৰীয়া,  নাছিৰউদ্দিন আহমেদে ৷

No comments