Breaking News

পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই। ৯০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কে কে শৰ্মা।

 

ডিজিটেল ডেক্সঃপুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই। ৯০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল  গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কে কে শৰ্মা। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ প্ৰায় ৫০ লাখ টকা। শুকুৰবাৰে ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই ।  অভিযানত ঘোচখোৰ শৰ্মাৰ বাসগৃহৰ পৰা জব্দ কৰে  ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা। এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল শৰ্মাই উৎকোচ। ৯০ হাজাৰ টকাৰ উৎকোচ লোৱা অৱস্তাতে  হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল শৰ্মা। ইয়াৰ পিছতে শৰ্মাৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান। এই কথা টুইটাৰযোগে সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে

No comments