Breaking News

নুমলীগড়ৰ মৰঙি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া - কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা


ডিজিটেল সংবাদ, নুমলীগড়.....
নুমলীগড়ৰ মৰঙি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া - কৰ্মচাৰীৰ  কৰ্ম সংস্কৃতিৰ নমুনা ৷ ১১ বজালৈ খালি হৈ ৰয় টেবুল চকী ৷ সময়মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী ৷ যিসময়ত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনত আমুল সংস্কাৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছে ৷ বিষয়া কৰ্মচাৰী সকলক সাধাৰণ জনতাৰ সেৱাৰ বাবে আত্মনিয়োগ কৰিবলৈ নিৰ্দেশ দিছে সেই সময়ত গোলাঘাট জিলাৰ মৰঙি উন্নয়ন খণ্ডৰ বিষয়া - কৰ্মচাৰীৰ কৰ্মৰ নমুনা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ চতুৰ্থ বৰ্গৰ দুজন কৰ্মচাৰীৰ বাদে দুপৰীয়া ১১ বজা পৰ্যন্ত কাৰ্যালয়ত উপস্থিত নহয় আন কৰ্মচাৰী ৷ এইয়া নিত্যনৈমিত্তিক ঘটনা ৷ উভতি যাব লগা হয় ভিন্ন কাম লৈ অহা গাৱঁৰ জনতা ৷ আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ সদস্য আহি সংবাদ মাধ্যমৰ আগত কাৰ্যালয়টোত উপস্থিত হৈ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এইদৰে সোচ্চাৰ হৈ পৰে ৷


No comments