Breaking News

নাওঁজানৰ ২নং কৈৰী গাঁৱত ধনশিৰি নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ।

 


 নাওঁজানৰ ২নং কৈৰী গাঁৱত ধনশিৰি নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ।এশ এবুৰি সমস্যাৰে জৰ্জৰিত সৰুপথাৰ সমষ্টিটোৱে এতিয়া বিধায়ক বিশ্বজিৎ ফুকনৰ সু প্ৰচেষ্টাত ক্ৰমাৎ উন্নয়ণৰ দিশে গতি কৰিছে। এতিয়াও যথেষ্ট সংখ্যক অভাৱ অভিযোগ তথা গুৰুত্বপূৰ্ণ সমস্যা আছে যদিও বিধায়কজনে কম  সময়ৰ ভিতৰতে একাদিক্ৰমে সমস্যা সমূহ সমাধান কৰি গৈছে। বিগত দিন সমূহত নাওজান অঞ্চলৰ ২নং কৈৰী গাঁৱত ধনশিৰি নদীৰ গৰাখহনীয়াৰ ফলত বহু পৰিয়ালে ঘৰ-বাৰী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু মূল্যবান সা-সম্পত্তি হেৰুৱাব লগীয়া হৈছিল। উক্ত বিষয়টো বিধায়কজনে গুৰত্বসঁহকাৰে লৈ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়িল আৰু শুক্ৰবাৰে পশ্চিম নাওজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং কৈৰীগাঁৱত  প্ৰাককলন মূল্য ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে "ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ জৰিয়তে  ধনশিৰি নদীত হোৱা ক্ষতিৰ তাৎক্ষণিকভাৱে পুনৰ উদ্ধাৰ" শীর্ষক আঁচনিখনৰ শুভাৰম্ভ কৰে। আঁচনিখনৰ জৰিয়তে গৰাখহনীয়া অঞ্চলটিৰ সৰ্বমুঠ ৭৩৫ মি: দৈৰ্ঘ্য পাৰ্কুপাইনৰ দ্বাৰা প্ৰতিৰোধৰ কাম সম্পন্ন কৰা হব


No comments