Breaking News

হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণৰ দাবীত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ মূখ্য মন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ


 ডিজিটেল সংবাদ, চিৰাং হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণৰ দাবীত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ মূখ্য মন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ।চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত-ভুটান সিমান্ত তথা বিজনীৰ উত্তৰ অঞ্চলত কেইবাবছৰ ধৰি হাতী মানুহৰ সংঘাত হৈ আহিছে । কেইটামান দিন আগত সুভাষ সৰকাৰৰ পুত্ৰ ধ্ৰুৱজ্যোতি সৰকাৰে নিশা শুই থকা অৱস্থাত চৰকাৰৰ PMAYG ৰ পকি ঘৰ ভাঙি তহিলং কৰাৰ উপৰিও বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে । বিগত কেইবা বছৰে বনৰীয়া হাতীৰ গচকত কেইবাজন মানুহ মৃত্যুক আকোঁৱালি লৱ লগা হৈছে । সেয়ে আজি চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা বিজনী মহকুমাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰৰ যোগে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

No comments