Breaking News

ফৰকাটিং উজ্বলজ্যোতি মইনা পাৰিজাতৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ

 


ডিজিটেল সংবাদ, ফৰকাটিংঃ ফৰকাটিং উজ্বলজ্যোতি মইনা পাৰিজাতৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ ইয়াৰ লগত সংগতি ৰাখি কালি পুৱা ভাগত এক সাংস্কৃতিক শোভাযাত্ৰা  উলিয়াই ২নং ফাটোৱাল নামঘৰৰ পৰা প্ৰায় চাৰি কিলো মিটাৰ বাট অতিক্ৰম কৰি ফৰকাটিং টাউনলৈকে যায়। উক্ত শোভাযাত্ৰ কায্যসূচী শুভাৰম্ভ কৰে সাংবাদিক পৰাগ বৰুৱাই।অনুষ্ঠানটি আঁতধৰে মইনা পাৰিজাতৰ জন্ম দাতা লুকুমণি হাজৰিকাই। ৰাতিলৈ মইনা পাৰিজাতৰ ন-পুৰণি কণ কণ মইনাৰ দ্বাৰা  ভাওনা "গৌতম মুনিৰ অভিশাপ নহুষ অখ্যান"  প্ৰদৰ্শন।উদ্ধোধন কৰে  সাংবাদিক পৰাগ বৰুৱাই । লগতে অঞ্চলটোৰ পৰা সু-খ্যাতিৰে উত্তীন হোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক আৰু মইনা পাৰিজাতৰ জন্মদাতা লুকুমণি হাজৰিকাক গোলাঘাট জিলা কৃতি শিক্ষয়িত্ৰী বঁটা আৰু মইনা পাৰিজাত অনুষ্ঠানটি আঠটা বছৰে গুৰি ধৰি থকাত মইনা পৰিজাতৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটিত ফৰকাটিং আৰক্ষী থানাৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া বৰ্ষা দেউৰীৰ শোভাযাত্ৰা দলৰ সৈতে খোজ কঢ়ি  নিজৰ দায়িত্ব পালন কাৰৰ লগতে ৰাইজৰ লগত সহযোগিতা আগবঢ়োৱত  সকলোৱে ধন্যবাদ জ্ঞাপন।

No comments