Breaking News

বিজনীৰ ৪ নং দৈলংঝাৰত উলহ মালহৰে ছট পূজা উদযাপন ।


ডিজিটেল সংবাদ, চিৰাংঃ 
 বিজনীৰ ৪ নং দৈলংঝাৰত উলহ মালহৰে ছট পূজা উদযাপন । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত দৈলং নদীত  ৪ নং দৈলংঝাৰ  গাওঁৰ হিন্দী ভাষী তথা বিহাৰী সম্প্ৰদায়ৰ লোকে নদীত দুই দিনীয়া কাৰ্যসুচীৰে ছট পূজা  উদযাপন কৰে । উল্লেখযোগ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰে  ছট পূজা ।কাতি মাহৰ  যোৱাশুক্ল পক্ষৰ ষষ্ঠী তিথি অতি বিশেষ ।যোৱাকালিৰ দিনটোত ব্ৰতত থকা মহিলা সকলে আবেলি উপসানাৰ বাবে ব‌্যঞ্জন যেনে -থেকুৱা ,পুৰি আদি প্ৰসাদ হিচাপে তৈয়াৰী কৰে l সন্ধিয়াত  সকলে ছট পুজা দিৱলৈ  নদীৰ ঘাটলৈ যায় ।সূৰ্য্যক অঘ্য আগবঢ়ায় ।সূৰ্যান্তৰ সন্ধিয়া ৫ বাজি ৩৭ মিনিটত ।আজিৰ দিনা সূৰ্য্য অস্ত যোৱাৰ আগতে পানীত থিয় হৈ নাৰিকল আৰু  ধূপ লৈ ভগৱান সূৰ্য্যৰ অপেক্ষা কৰে ।সূৰ্য্যদয়ৰ সময়ত সূৰ্য্য দেৱতাক অঘ্য প্ৰদান কৰে । ৰাতিপুৱা ৬ বাজি ৩১ মিনিটত সূৰ্য অস্ত যায় , পিছত সকলো  উপবাস কৰা  মহিলাই প্ৰসাদ গ্ৰহণ কৰি ছট পূজা অনুষ্ঠানটি  সামৰণি  মাৰে ।

No comments