Breaking News

অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত গোলাঘাট জিলাৰ কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে

 


অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত গোলাঘাট জিলাৰ কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতি, আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যা আৰু এই বিষয়সমুহৰ আশু সমাধানসূত্ৰ উলিওৱাৰ ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা সন্দৰ্ভত বিতংভাবে আলোচনা কৰে । মুখ্য সচিবগৰাকীয়ে প্ৰতিটো বিভাগকে পৰস্পৰৰ মাজত প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । এইক্ষেত্ৰত তেওঁ ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ চাহ বাগিচা এলেকাসমূহত ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰা আৰু পৰিপুষ্টি সুনিশ্চিত কৰা আদি বিষয়সমূহক লৈ বিতংভাবে আলোচনা কৰা হয় । মুখ্য সচিবগৰাকীয়ে বিশেষভাৱে চাহ বাগিচা অঞ্চলসমূহত ঘৰে-ঘৰে গৈ অভিভাৱকসকলক ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ সৈমান কৰোৱাৰ বাবে প্ৰয়াস চলোৱাৰ নিৰ্দেশ দিয়ে । তেওঁ পৰস্পৰ সম্পৰ্ক থকা বিভাগসমূহ যেনে শিক্ষা, শ্ৰমিক কল্যাণ, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আদিক একত্ৰিত হৈ দল হিচাপে ক্ষেত্ৰ পৰিদৰ্শন আৰু সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে শিক্ষা আৰু স্বাস্থ্য খণ্ড এখন সমাজৰ মূল স্তম্ভ । এই দুটা খণ্ডৰ উন্নয়ন সাধন কৰিব নোৱাৰিলে বহু ক্ষেত্ৰত এখন জিলা তথা ৰাজ্য পিছ পৰি যায় । তেওঁ শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্য সচিব গৰাকীয়ে শিশু শ্ৰমিক নোহোৱা কৰাৰ বাবে ব্যাপক নিৰীক্ষণ অভিযান চলাবলৈও সহকাৰী শ্ৰম আয়ুক্তক নিৰ্দেশ দিয়ে । তেওঁ কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ, পৰিবহণ, মীন, শক্তি, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আৰু বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বন বিভাগৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰি তেওঁ হাতী-মানুহৰ সংঘাত, ক্ষতিগ্ৰস্ত লোকলৈ ক্ষতিপুৰণ আদিৰ বুজ লোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ বাহিৰে অন্য ঠাইত বনানীকৰণৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । তেওঁ আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ ৰাইজক জড়িত কৰোৱাবলৈ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়ে । জটিলতাসমূহক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে সন্মিলিত প্ৰচেষ্টাৰে আগবাঢ়িবলৈ তেওঁ বিভাগসমূহৰ প্ৰতি আহ্বান জনায়। আজিৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা আৰু প্ৰতিটো বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

No comments