Breaking News

নুমলীগড়ত বিৰল প্ৰজাতিৰ গ্ৰীণ কেত সাপ (green cat snake)উদ্ধাৰ।মুখৰ ভিতৰৰ অংশ কলা আৰু সম্পূৰ্ণ সেউজীয়া সাপডাল চাবলৈ পথচাৰীৰ ভিৰ

 

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ত বিৰল প্ৰজাতিৰ গ্ৰীণ কেত সাপ (green cat snake)উদ্ধাৰ।মুখৰ ভিতৰৰ অংশ কলা আৰু সম্পূৰ্ণ সেউজীয়া সাপডাল চাবলৈ পথচাৰীৰ ভিৰ।এডাল প্ৰায় 5 ফুট দীঘল সেউজীয়া সাপ। গাৰ বৰণ সেউজীয়া যদিও মুখখনৰ ভিতৰ ভাগ সম্পূৰ্ণ কলা। সাধাৰণতে চকুত নপৰা গছৰ ডাল পাতৰ সৈতে মিলি যোৱা সাপডাল চাবলৈ ভিৰ  কৰে বহুজনে। নুমলীগড় তেল শোধনাগাৰ নগৰাঞ্চলৰ ভিতৰৰ এখন টেনিছ খেল খেলপথাৰত কেইবাদিন ধৰি অৱস্থান কৰি আছিল সাপডাল।কেইজনমান সচেতন লোকে এই সাপডালৰ বিষয়ে অৱগত কৰে মৰঙি অঞ্চলৰ সৰ্পবন্ধুৰূপে খ্যাত প্ৰসন্ন দ্বীপ বৰদলৈক। আৰু অতি কৌশল পূৰ্ণ ভাৱে প্ৰসন্নদ্বীপ বৰদলৈয়ে সাপডাল উদ্ধাৰ কৰি নুমলীগড়ৰ  কাষৰীয়া  দেউপাহাৰৰ বনাঞ্চলত মুকলি কৰি দিয়ে।

No comments