Breaking News

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শ্ৰীশ্ৰীহৰিমন্দিৰ প্ৰাঙ্গণত আজি পুৱা ১০ বজাত গুৱাহাটী লতাশিল লেম্ব ৰোডস্হিত জি এম বি টিউটৰিয়ল হ'মৰ উদ্যোগত হিয়া স্মাৰক বক্তৃতা অনুষ্ঠান কৰা হয়।

ডিজিটেল সংবাদ,  নলবাৰী ....নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শ্ৰীশ্ৰীহৰিমন্দিৰ প্ৰাঙ্গণত আজি পুৱা ১০ বজাত গুৱাহাটী লতাশিল লেম্ব ৰোডস্হিত জি এম বি টিউটৰিয়ল হ'মৰ উদ্যোগত হিয়া স্মাৰক বক্তৃতা অনুষ্ঠান কৰা হয়। উক্ত অনুষ্ঠানত "জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা" শীৰ্ষক বক্তৃতা প্ৰদান কৰে শ্ৰীৰাম কৃষ্ণ বিবেকানন্দ  শ্ৰী অৰবিন্দ অনুৰাগী আৰু অনুবাদক দিগন্ত বিশ্ব শৰ্মাই। বনভাগ জ্যেষ্ঠ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই সঞ্চালনা কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ যোগেন চন্দ্ৰ  কলিতা। উক্ত বক্তৃতা অনুষ্ঠানত অঞ্চলটোৰ ভালেসংখ্যক শিক্ষা অনুৰাগী ব‍্যক্তি,শিক্ষাবিদ উপস্থিত থাকে।  জি এম বি টিউ'টৰিয়েল হ'মৰ প্ৰধান সঞ্চালক তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰাতুল চন্দ্ৰ ৰাজখোৱা আৰু সঞ্চালক গিৰীশ মল্ল বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত  জি এম বি টিউ:টৰিয়েল হ'মৰ পৰা কৃতিত্ব অৰ্জন কৰা দহগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।। 



No comments