Breaking News

শিৱসাগৰৰ নাজিৰা ষ্টেচন তিনিআলি সমীপত থকা পৰিবহন নিগমৰ চৌহদ ডাম্পিঙ গ্ৰাউণ্ডত পৰিণত

 


ডিজিটেল সংবাদ, শিৱসাগৰ..... শিৱসাগৰৰ নাজিৰা ষ্টেচন তিনিআলি সমীপত থকা পৰিবহন নিগমৰ চৌহদ ডাম্পিঙ গ্ৰাউণ্ডত পৰিণত । প্ৰহসনত পৰিণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান। নাজিৰা ষ্টেচন তিনিআলি সমীপৰ থকা পৰিবহন নিগমৰ চৌহদ ডাম্পিঙ গ্ৰাউণ্ডত পৰিণত ।শিৱসাগৰৰ নাজিৰা ষ্টেচন তিনিআলি সমীপৰ থকা পৰিবহন নিগমৰ চৌহদেই ইয়াৰ জলন্ত উদাহৰণ ।দূৰ্গোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন কৰি ডাম্পিঙ গ্ৰাউণ্ডত পৰিণত কৰিলে চৰকাৰী নাজিৰা পৰিবহন নিগমৰ চৌহদ । চকু পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিৱেশ প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শক শিৰোগত কৰি আৰম্ভ কৰা "স্বচ্ছ ভাৰত অভিযান" শীৰ্ষক ব্যয় বহুল আচঁনি আৰম্ভ কৰাৰ পিছত  সফলতাৰ বাবে জনগণে হাত উজান দি আগবঢ়াই নিয়ে ।


পৰিতাপৰ বিষয় যে, প্ৰধানমন্ত্ৰীৰ এই জনহিত সাধনৰ আচঁনিখন একাংশ জনগণৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বিভিন্ন প্ৰান্তত প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে । চৰকাৰী এই স্থানত ষ্টেচন তিনিআলিৰ ৰাইজৰ সহযোগত মহিলাৰ দ্বাৰা বিগত এক অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ ব্যয় বহুল তথা সফলতাৰে উদযাপন কৰিলে দূৰ্গোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ । কিন্তু দূৰ্গোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ দায়িত্বজ্ঞানহীন আৰু স্থানীয় নিকায় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে আজি পৰ্যন্ত এই স্থান ডাম্পিঙ গ্ৰাউণ্ডত পৰিণত হৈ আছে । যাৰ বাবে উদযাপন সমিতি আৰু স্থানীয় নিকায় কৰ্তৃপক্ষৰ ভূমিকাক স্থানীয় ৰাইজে ধ্বিক্কাৰ দিয়াৰ পৰিলক্ষিত হৈছে ।

No comments