Breaking News

সোণাৰিত আটছাৰ নেতাক হত্যাৰ চেষ্টা এগৰাকী মহিলাৰ




ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিত আটছাৰ নেতাক হত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। নামতোলাত আটছাই আজি নামতোলা শাখা সমিতিৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ লাইখুটা স্হাপন কৰাৰ সময়তে  সংগীতা গুৱালা নামৰ মহিলা এগৰাকীয়ে আটছাৰ সোণাৰি শাখাৰ সম্পাদক মনু পাটনায়কক চোকা দাৰে ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা চলায়। নামতোলা আৰক্ষীয়ে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত আটছাৰ নেতাজনক সোণাৰি ৰজাপুখুৰী অসামৰিক চিকিৎসা লৈ আনে যদিও আঘাতপ্ৰাপ্ত আটছাৰ সাধাৰণ সম্পাদক মুনু পাটনায়কক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে নামতোলা আৰক্ষীয়ে ঘটনাৰ সৈতে জৰিত সংগীতা উৰফে কুইলি গুৱালাক আটক কৰিছে ।

No comments