Breaking News

ম্যানমাৰৰ কাৰাগাৰৰ সন্মুখত সংঘটিত বোমা বিস্ফোৰণত আঠজনকৈ লোক নিহত



ম্যানমাৰৰ কাৰাগাৰৰ সন্মুখত সংঘটিত বোমা বিস্ফোৰণত আঠজনকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত হয় প্ৰায় ১৮ জনকৈ লোক।

স্থানীয় সংবাদ মাধ্যম আৰু ম্যানমাৰ চৰকাৰে জনোৱা মতে, ৰাজনৈতিক বন্দীসকলৰ বাবে ম্যানমাৰৰ মুখ্য কাৰাগাৰৰ সন্মুখৰ গেটৰ ওচৰত বুধবাৰে হোৱা বোমা বিস্ফোৰণত দৰ্শনাৰ্থী আৰু কাৰাগাৰৰ কৰ্মচাৰীসহ কমেও আঠজন লোক নিহত হয়।


বুধবাৰে পুৱা প্ৰায় ৯:৪০ বজাত দুটাকৈ বোমা বিস্ফোৰণত বন্দী আৰু তিনিজন কাৰাগাৰৰ কৰ্মচাৰীক পাৰ্চেল বিতৰণ কৰি থকা পাঁচজন লোক নিহত হয়। দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ য়াংগনৰ ইনছেইন কাৰাগাৰৰ মুখ্য লোহাৰ গেটৰ ওচৰত পাৰ্চেল অভ্যৰ্থনা কাৰ্যালয়ৰ ভিতৰত আৰু বাহিৰত বিস্ফোৰণ সংঘটিত হৈছিল।

সামৰিক বাহিনীৰ তথ্য কাৰ্যালয়ে এক বিবৃতিত নিশ্চিত কৰিছে যে এগৰাকী ১০ বছৰীয়া কিশোৰী আৰু তিনিজন কাৰাগাৰৰ কৰ্মচাৰীকে ধৰি পাঁচজন দৰ্শনাৰ্থী নিহত হৈছে আৰু এটা পাৰ্চেলত এটা অবিস্ফোৰিত বোমাও পোৱা গৈছে। লগতে ইনছেইন টাউনশ্বিপ চিকিৎসালয়ত এজন ৯ বছৰীয়া লৰা আৰু ৫ জন কাৰাগাৰৰ কৰ্মচাৰীকে ধৰি মুঠ ১৩ জন দৰ্শনাৰ্থী গুৰুতৰভাৱে আহত হয়। আহত আটাইকে ততাতৈয়াকৈ  চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

উল্লেখ্য যে বিভিন্ন সামৰিক চৰকাৰৰ অধীনত ৰাজনৈতিক বন্দী সকলক ধৰি ৰখাৰ বাবে কাৰাগাৰখন কেইবা দশক ধৰি কুখ্যাত হৈ আহিছে। বন্দীসকলৰ পৰিয়ালক খাদ্য, কাপোৰ আৰু ঔষধৰ দৰে সামগ্ৰীৰ সৈতে পাৰ্চেল আনিবলৈ অনুমতি প্ৰদান কৰে কাৰাগাৰ কৰ্তৃপক্ষই ।

No comments