Breaking News

জনতা হাইস্কুলত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন


ডিজিটেল সংবাদ, নলবাৰীঃ 
 জনতা হাইস্কুলত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন ৷ৰাষ্ট্ৰৰ সমান্তৰালভাৱে অসমতো ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম যুঁজাৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা দেখা গৈছে ৷ লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপল্যক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত জনতা হাইস্কুলতো স্বাধীনতা সংগ্ৰামী লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰে ৷ আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপল্যক্ষে জনতা হাইস্কুলৰ শিক্ষক গোটে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত এটি শোভাযাত্ৰা উলিয়ায় ৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰে জনতা হাইস্কুলৰ পৰা উলিওৱা শোভাযাত্ৰাটো জনতা  চ'ক হৈ বকুল তলৰ চক আৰু খাটানম্বৰ ভাগ বিহামপুৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখেৰে ওলাই পুনৰ জনতা হাইস্কুলত উপস্থিত হয় ৷ লৌহমানৱ গৰাকীৰ জন্মজয়ন্তী উপল্যক্ষে শোভাযাত্ৰাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত আলোচক হিচাপে আমন্ত্ৰণ কৰে জনতা হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ সচেতক দিলীপ বৰ্মন, চি আৰ চি চি, শ্ৰী জয়ন্ত ডেকা, আব্দুল দিল আহমেদক ৷


No comments