Breaking News

নাজিৰাৰ দিখৌ নৈৰ পাৰ ঘাটত ছট পূজাৰ উখল মাখল পৰিবেশ


 ডিজিটেল সংবাদ, শিৱসাগৰঃ নাজিৰাৰ দিখৌ নৈৰ পাৰ ঘাটত ছট পূজাৰ উখল মাখল পৰিবেশ কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সপ্তমী তিথিলৈ দুদিনীয়া কাৰ্যসূচীৰে সূৰ্য ষষ্ঠী অৰ্থাৎ ছট পূজা পালন কোভিডৰ নীতি-নিয়মৰ বাবে বিগত দুটা বছৰ ছট পূজা উদযাপনৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছিল । যদিও এইবাৰ ভক্ত সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে । ছট পূজা উপলক্ষে নাজিৰা দিখৌ নৈত অস্তগামী সূৰ্যক প্ৰণাম জনাইছে ভক্তপ্ৰাণ ৰাইজে । মনোবাঞ্চা পুৰণাৰ্থে পুনৰ কাইলৈ পুৱতি নিশা উদিত সূৰ্যক পূজা অৰ্চনা কৰিব ভক্তই । এই পূজাত ভক্ত সকলে একঁকাল পানীত নামি সূৰ্য দেৱতাক পূজা কৰে । ছট পূজাৰ বাবে নাজিৰা দিখৌ নৈৰ পাৰ ঘাট আটক ধুনীয়াকৈ সজাই তোলা হৈছিল । ছট পূজাক কেন্দ্ৰ কৰি নাজিৰা দিখৌ নৈৰ পাৰ ঘাটত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে । ছট পূজা হিন্দীভাষী ভোজপুৰি সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ আছিল । যদিও বৰ্তমান সময়ত এই পূজাই সকলো ভাষা ভাষী ৰাইজক সামৰি লোৱাত এই পূজাস্থলী সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ মিলন ভূমিত পৰিণত হৈছে । নাজিৰা দিখৌ নৈৰ পাৰ ঘাটত ১৯৮৭ চনৰ পৰাই নিৰবিচ্ছিন্ন ভাৱে এই পূজা পালন কৰা হৈছে । এই বছৰ প্ৰায় তিনি লক্ষ টকা ব্যয়ৰে ব্যয়বহুল আয়োজন অনুষ্ঠিত কৰি জাকত জিলিকা কৰি তুলিছে নাজিৰা দিখৌ নৈৰ ঘাট ।




No comments