Breaking News

গুজৰাটত শোকাৱহ ঘটনা! নৈৰ ওপৰত থকা কেবল দলং খহি মৃত্যু অৰ্ধশতাধিকৰ


ডিজিটেল, ডেস্কঃ
 দেশজুৰি ষট্ পূজাৰ উখল-মাখল পৰিৱেশৰ মাজতে গুজৰাটত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। গুজৰাটৰ মৰবী জিলাত মচ্ছু নৈৰ ওপৰত থকা এখন কেবল দলং নৈত খহি পৰি অৰ্ধ শতাধিক লোকৰ মৃত্যু হয়। জানিব পৰা মতে, দেওবাৰে মৰবী চহৰৰ মাজেৰে বৈ যোৱা মচ্ছু নৈৰ পাৰত ষট্ পূজাৰ ধৰ্মীয় অনুষ্ঠান চলি থকাৰ সময়তে দলংখনৰ ওপৰত পাঁচ শতাধিক লোক  উঠিছিল। তেনে সময়তে হঠাতে খহি পৰে দলংখন।

অতি পুৰণি এই কেবল দলংখন মেৰামতিৰ পিছত পুনৰ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল। কিন্তু ইয়াৰ পিছতে এই ভয়ংকৰ অঘটন সংঘটিত হয়।বৰ্তমানেও শতাধিক লোক সন্ধানহীন হৈ আছে। এনডিআৰএফ-আৰক্ষীৰ বাহিনীৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ বিহিত ব্যৱস্থা হাতত লৈছে।

No comments