Breaking News

আতংকিত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী।



আতংকিত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। তেওঁৰ হোটলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। কোহলীৰ অজ্ঞাতত কেইবাজনো লোকে হোটেলৰ কোঠাত সোমাই এই ভিডিঅ’সমূহ কৰিছে।


ভিডিঅ ভাইৰেল হৈ পৰাৰ পাছতে ঘটনাটোক লৈ আতংকিত হৈ পৰিছে কোহলী। কোহলীয়ে এই সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে যে কেইবাজনো লোক হোটেলৰ কোঠালিটোলৈ সোমাই গৈছে। কোহলীৰ ব্যক্তিগত সামগ্ৰীসমূহৰ ভিডিঅ’ কৰিছে তেওঁলোকে।  অষ্ট্ৰেলীয়াৰ পাৰ্থ চহৰৰ এখন হোটেলত ঘটনাটো সংঘটিত হৈছে।


কোহলীয়ে ইনষ্টাগ্ৰামত লিখে- “মই জানো যে অনুৰাগীসকলে সকলো সময়তে তেওঁলোকৰ প্ৰিয় খৈলুৱৈসকলক দেখি আনন্দ পায়। মই সেয়া সন্মান কৰো। কিন্তু এই ভিডিঅ’ দেখি মই আতংকিত হৈছো। যদি মোৰ হোটেলৰ কোঠাৰ গোপনীয়তা ৰক্ষা নহয়, তেন্তে ক’ত হ’ব?” 


“এনেধৰণৰ ভালপোৱা মই নিবিচাৰো। এনেকৈ কাৰোবাৰ ব্যক্তিগত পৰিসৰত সোমোৱাটো উচিত নহয়।”- কোহলীয়ে লিখিছে- “দয়া কৰি প্ৰত্যেকৰ ব্যক্তিগত পৰিসৰক সন্মান কৰক। তাক বিনোদনৰ পণ্য কৰি নুতুলিব।”

No comments