Breaking News

অপৰাধীৰ বাবে এতিয়া Green corridor হৈ পৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ

 

ডিজিটেল সংবাদ, ধনশিৰিঃ অপৰাধীৰ বাবে এতিয়া Green corridor হৈ পৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ।সৰুপথাৰৰ মাজেৰে চোৰাং ৰাসায়নিক সাৰ, গৰুৰ চোৰাং সৰবৰাহ,, অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহ আদিৰ দৰে  অপৰাধ দৈনিক সংঘটিত হৈছে। সৰুপথাৰত ২০ বেগ বাৰ্মিজ চুপাৰী সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে সৰুপথাৰ আৰক্ষীয়ে। ধৃত যুৱক জনৰ নাম চাহিদ আলি(২৫)।ধৃত যুৱক জনৰ ঘৰ নাগালেণ্ডৰ পাঁচ মাইলত  AS 11 DC 9525 নম্বৰৰ এখন Tata yodha(যোদ্ধা)গাড়ী ৰে ২০ বেগ বাৰ্মিজ চুপাৰী অসম নাগালেণ্ড সীমান্তৰ নগা গাওঁ কেভি'ট বস্তুিৰ পৰা সৰুপথাৰ হৈ নগাঁও লৈ নিয়াৰ পথত সৰুপথাৰ নগৰত আৰক্ষীয়ে  গাড়ী খন জব্দ কৰি যুৱক জনক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা বাৰ্মিজ চুপাৰী খিনিৰ মূল প্ৰায় ৪ লাখ টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ধৃত যুৱক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

No comments