Breaking News

কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত দূৰ্নীতি আৰু অনিয়মৰ তথ্য ফাদিল হোৱাৰ পাছতে নগাঁও জিলা প্ৰশাসনে নিলম্বিত কৰিলে চৰকাৰী গাঁও প্ৰধান গোলাপ শইকীয়াক

 


ডিজিটেল সংবাদ, কলিয়াবৰঃ জননী লাইভৰ বাতৰিৰ প্ৰভাৱ। কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত দূৰ্নীতি আৰু অনিয়মৰ তথ্য আমাৰ বাতৰিত ফাদিল হোৱাৰ পাছতে নগাঁও জিলা প্ৰশাসনে নিলম্বিত কৰিলে চৰকাৰী গাঁও প্ৰধান গোলাপ শইকীয়াক। কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰী কিচামতৰ ভূমি জালিয়াতিৰে কিনা-বেচা কৰাৰ সৈতে নাম সাঙোৰ খাইছিল চৰকাৰী গাঁও প্ৰধান গোলাপ শইকীয়াৰ নাম। এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল প্ৰশাসনৰ তৰফৰ পৰা। চক্ৰ বিষয়া নীতিশা বৰাই গাঁও প্ৰধান গৰাকীক নিলম্বন কৰাৰ কথা সোমবাৰে বিয়লি সাংবাদিকক জানিব দিয়ে।ইফালে ভুক্তভোগী হাৰেজ আলিয়ে গাঁও প্ৰধান গৰাকীক নিলম্বন কৰাত সন্তোষ প্ৰকাশ কৰে যদিও কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দূৰ্নীতি আৰু অনিয়ম ৰোধ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।


No comments