Breaking News

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত মৰাণৰ বদৌচা স্পৰ্টচ ক্লাবৰ উদ্যোগত ৰাজ্যজুৰি চলি আছে চতুৰ্দশ বাৰ্ষিক


ডিজিটেল সংবাদ, চিৰাংঃ
 সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত মৰাণৰ বদৌচা স্পৰ্টচ ক্লাবৰ উদ্যোগত  ৰাজ্যজুৰি চলি আছে  চতুৰ্দশ বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণ মূলক ফুটবল  প্ৰতিযোগিতা  "বদৌচা কাপ-২০২২"। উক্ত ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে বিয়লি  চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত "এইছ গ্ৰুপ"ৰ দ্বিতীয় খন খেলত গোসাঁইগাওঁৰ শালবাগান এফ চিয়ে গুৱাহাটীৰ জনজাতীয় স্পৰ্টিং ক্লাবক ৭-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।খেলখনত শালবাগান এফ চিৰ খেলুৱৈ উদয়াদিত্য ৰাভা শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় 

No comments