Breaking News

নুমলীগড়ৰ মৰঙিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ হাতী-মানুহৰ সংঘাত


ডিজিটেল সংবাদ, নুমলীগড়ঃ  
নুমলীগড়ৰ মৰঙিত অব্যাহত  বন্যহস্তীৰ উপদ্ৰৱ হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ নুমলীগড়ৰ মৰঙিৰ বিভন্ন ঠাইত বন্যহাতীৰ এটা বৃহৎ জাকে নিশাটোৰ ভিতৰতে শ শ বিঘা শালিধানৰ খেতি খাই তহিলং কৰিছে ৷ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মৰঙি ৰাজহচক্ৰৰ অন্তৰ্গত তেলীয়া গাওঁ , মিৰিপথাৰ , ধলাকছাৰী , পোৰাজংঘল, ফলঙনী , হাবিগাওঁ , উদয়ন , আখৈফুটিয়া, সাৰৰ গাওঁ , হালধীবাৰী আদি অঞ্চলত  নিশা প্ৰায় অৰ্ধ শতাধিক বনৰীয়া হাতীৰ এটা জাকে  ধাৰাবাহিকভাবে কেইবাদিনো ধৰি উপদ্ৰৱ চলাই কৃষক ৰাইজৰ নিদ্ৰা হৰিছে ৷ ৰাইজে বিভিন্ন কৌশল অবলম্বন কৰিও হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হোৱা নাই ৷ আনহাতে বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো  উপস্থিত নহয় বন বিভাগৰ লোক ৷ এই বৃহৎ হাতীৰ জাকটো শালি  খেতি সঁজাল ধৰাৰ সময়তে আহি খেতি চপোৱাৰ সময়লৈ বিভিন্ন ঠাইত উপদ্ৰৱ কৰে ৷  হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

No comments