Breaking News

সমাজপ্ৰাণ অতুল গোস্বামীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ।


ডিজিটেল সংবাদ, দেৰগাঁওঃ 
সমাজপ্ৰাণ অতুল গোস্বামীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । সমাজপ্ৰান দেৰগাঁৱৰ অতুল গোস্বামীৰ সোমবাৰে GMCH ত চিকিৎসাধীন অৱস্থাত দেহাৱসান হয় । আজি পুৱা গোস্বামীৰ নশ্বৰ দেহ বঙাল  গাঁওস্থিত নিজা বাসভৱনত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চল। গোস্বামীৰ বাসগৃহত অগণন  গুন মগ্ধ উপস্থিত হৈ  শেষ শ্ৰদ্ধা জনোৱাৰ পাছতে ঐতিহাসিক বাপুজি মন্দিৰ প্ৰাঙ্গনলৈ গোস্বামীৰ নশ্বৰ দেহ লৈ যোৱা হয়। তাতো গোস্বামীৰ বহু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত দেৰগাঁৱৰ নৰেন শম্মা স্মৃতি পথাতৰ গোস্বামীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য এক অনুস্থান অনুষ্ঠিত কৰে। দেৰগাঁও সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ ভূষণ কলিতাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধা়ঞ্জলি অনুষ্ঠানত দেৰগাঁৱৰ বিধায়ক ভৱেন ভঁৰালী উপস্থিত হৈ সমাজকৰ্মীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত , দেৰগাঁও ৰাজচক্ৰ চত্ৰু বিষয়াগৰাকী উপস্থিত হৈ শ্ৰদ্ধাঞ্চলি জনোৱাৰ লগতে ,দেৰগাঁও সাংবাদিক সন্থা , দেৰগাঁও নাগৰিক সন্থা ,দেৰগাঁও ক্ৰিয়া সন্থাকে ধৰি বহু ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে গোস্বামীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

No comments