Breaking News

সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ উদ্যোগত ইউ এছ টি এমৰ সহযোগত সজাগতা ৰেলী ।


ডিজিটেল সংবাদ, নলবাৰীঃ 
সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ উদ্যোগত ইউ এছ টি এমৰ সহযোগত সজাগতা ৰেলী ।ঘগ্ৰাপাৰত উস্ম আদৰণি জনালে সতীৰ্থ সকলে।সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ উদ্দোগত ৩০ অক্টোবৰ তাৰিখৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পৰা পাঁচ জনীয়া এটি দলে ৰাইজক সজাগ সচেতন আৰু দিব্যাংগ সকলৰ মুল প্ৰাপ্ত দাবী সমুহৰ ওপৰত চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ উদ্দেশ্যে সমগ্ৰ অসমজুৰি এক ৰেলী কাৰ্যসূচী হাতত লয়।দিব্যাংগ ব্যক্তি ক্ৰমে চামচুল হক,চাইদুল ভুঞান,আমিৰ আলী,উপমা বেজবৰুৱা,মৃগাংক দাসে গুৱাহাটীৰ পৰা উলিওৱা ৰেলীটো বিভিন্ন অঞ্চল আৰু চহৰৰ মাজেৰে আহি আজি নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰত উপস্থিত হয়।এইসময়তে নলবাৰী জিলাৰ সতীৰ্থ সকলে ঘগ্ৰাপাৰ হাউৱে চকত এক সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ন কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে।সদৌ নলবাৰী জিলা উন্নয়ন সন্থাৰ সভাপতি ভগবান বৰ্মনৰ পৰিচালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা পাচ গৰাকী সতীৰ্থক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।উক্ত কাৰ্যসূচী ৰূপায়ন কৰা ব্যক্তিকেইজনে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।বিগত সময়ত যি চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাত চৰকাৰে যি মেৰিট লিষ্ট উলিয়াইছে সেই মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা আটাইকেইজন প্ৰৰ্থীকে নিযুক্তি দি মানৱতাৰ পৰিচয় দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।তাৰোপৰি দিব্যাংগ সকলৰ যি মাহিলী পেঞ্চন ৰাজ্য চৰকাৰে যি এহেজাৰ টকাকৈ দি আছে, তাৰ পৰিমাণ তিনি হাজাৰলৈ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কিয়নো যি এহেজাৰ টকাকৈ দিব্যাংগ সকলে পাই আছে সেই এহেজাৰ টকা তেওঁলোকৰ চিকিৎসা কৰিবলৈও বৰ্তমান সময়ত পৰ্যাপ্ত নহয়।




No comments