Breaking News

শিৱসাগৰৰ নাজিৰা বালিঘাটত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। প্ৰতিষ্ঠানখনি ফিটা কাটি অনুষ্ঠানিক ভাৱে মুকলি কৰে বিধায়ক দেৱব্ৰত শইকীয়াই

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ নাজিৰা বালিঘাটত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ১০০ শতাংশ কৰ্ম সংস্থাপনৰ নিশ্চয়তাও প্ৰদান, প্ৰতিষ্ঠানখনি ফিটা কাটি অনুষ্ঠানিক ভাৱে মুকলি কৰে বিধায়ক দেৱব্ৰত শইকীয়াই বালিঘাটত শ্ৰী ৰাম ইনষ্টিটিউট নামৰ এখনি  কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয় । শিৱসাগৰৰ নাজিৰা বালিঘাটত প্ৰতিষ্ঠানখনি ফিটা কাটি অনুষ্ঠানিক ভাৱে মুকলি কৰে নাজিৰাৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।  প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰীজনে জনোৱা মতে সীমিত সময়ৰ বাবে নামভৰ্তি বিনামূলীয়া কৰা হৈছে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ সুবিধা প্ৰদান কৰা হ'ব । ইয়াৰোপৰি এই প্ৰতিষ্ঠানখনৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ১০০ শতাংশ  কৰ্ম সংস্থাপনৰ নিশ্চয়তাও প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে । ডি চি এ, এ ডি চি এ আৰু পি জি ডি চি এ ইত্যাদি পাঠ্যক্ৰম সন্নিৱিষ্ট প্ৰতিষ্ঠানটোৱে সমগ্ৰ নাজিৰা অঞ্চলতে কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰনী ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে নাজিৰাৰ বিদ্বত মহলে ।উদ্বোধনী সভাখনিত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

No comments