Breaking News

ইংলেণ্ডে পাকিস্তানক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰে



টি-২০ বিশ্বকাপ ২০২২ৰ ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হয় পাকিস্তান। এই লৈ দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিলে ইংলেণ্ডে।  ইয়াৰ লগে লগে  ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰা দ্বিতীয় দল হৈ পৰিল। ইয়াৰ আগতে, ইংলেণ্ড ২০১০ চনত চেম্পিয়ন হৈছিল। 

ইংলেণ্ডৰ হৈ বেন ষ্টোকছে মেচ বিজয়ী ইনিংছ  খেলে। ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টোকছে আকৌ এবাৰ এটা ডাঙৰ মেচত দলটোৰ বাবে মেচ-উইনাৰ হিচাপে প্ৰমাণিত হয়। বেন ষ্টোকছে ৪৯ টা বলত অপৰাজিত ৫২ ৰাণ সংগ্ৰহ কৰে, য'ত তেওঁ ৫ টা চাৰি আৰু ১ টা ছয় মাৰিছিল। বেন ষ্ট'কছৰ উপৰিও জছ বাটলাৰে ২৬ ৰাণৰ অৱদান আগবঢ়ায়। হেৰী চেৰিংটন ব্ৰুকেও ২৩ টা বলত ২০ ৰাণ সংগ্ৰহ কৰে।

ইংলেণ্ডৰ বাওঁহাতৰ পেচাৰ ছেম কুৰান আৰু লেগ স্পিনাৰ আদিল ৰছিদে পাকিস্তানী বেটিং লাইনআপক  হেঁচাত ৰাখিছিল। যাৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেল মেচখনত আঠ উইকেটত মাত্ৰ ১৩৭ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল পাকিস্তান। এই বছৰৰ আৰম্ভণিতে আঘাতৰ পৰা উভতি অহা কুৰেনে  চাৰি অভাৰত ১২ ৰাণত তিনিটা উইকেট লৈ ডাঙৰ খেলখনত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে।

পাকিস্তানৰ বেটছমেনসকৰ ভিতৰত  বাবৰ আজম (২৮ টা বলত ৩২ ৰাণ) আৰু মহম্মদ ৰিজৱানে (১৪ টা বলত ১৫ ৰাণ) সতৰ্কতাৰে আৰম্ভ কৰিছিল।   একে সময়তে, মহম্মদ হাৰিছে (১২ টা বলত আঠ ৰাণ) , শ্বান মাছুদেও (২৮ টা বলত ৩৮ ৰাণ) এটা ডাঙৰ ইনিংছ খেলিবলৈ ব্যৰ্থ হৈছিল। এই টুৰ্ণামেণ্টত সুন্দৰ খেলি থকা ইফতিখাৰ আহমেদে কোনো ৰান নকৰাকৈলে পেভিলিয়নলৈ উভতিব লগা হয়।   অলৰাউণ্ডাৰ শাদাব খানেও ১৪ টা বলত ২০ ৰাণহে সংগ্ৰহ কৰিববলৈ সক্ষম হয়।

No comments