Breaking News

সোণাৰিৰ সমীপৱৰ্তী গোৱলাপথাৰত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনাত


ডিজিটেল সংবাদ, সোণাৰিঃ
সোণাৰিৰ সমীপৱৰ্তী গোৱলাপথাৰত আজি সংঘটিত  হয় এক পথ দুৰ্ঘটনাত এগৰাকী নাৰ্ছ গুৰুতৰ ভাৱে আহত হোৱাৰ উপৰিও আন কেইবাগৰাকী লোক কম বেছি পৰিমাণে আহত হয়। জানিব পৰা মতে সোণাৰিৰ পৰা গোৱলাপথাৰ অভিমুখা গৈ থকা এ এচ ০৪ বি চি ৪০৯১ নম্বৰৰ অ'টৰিক্সা খনত বিপৰীত দিশৰ পৰা অহা গৰু এজনীয়ে একস্মাত খুন্দা মৰাত অ'টখন পথৰ কাষত বাগৰি পৰে। ঘটনাটোত অ'ট খনৰ আগ ছিটত বহি থকা নিভা দত্ত নামৰ গোৱলাপথাৰত উপ স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ গৰাকী গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ লগতে ড্ৰাইভাৰকে আদি কৰি বাহনখনত থকা আন তিনিগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আটাইকেইগৰাকী আঘাতপ্ৰাপ্তক ততাতৈয়াকৈ ৰজাপুখুৰীস্থিত সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত মোৰ আৰু শৰীৰৰ বিভিন্ন ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নিভা দত্ত নামৰ নাৰ্ছ গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ সংকটজনক অৱস্থিত প্ৰেৰণ কৰা হয়। 


No comments