Breaking News

অৰূপা নাথৰ আধুনিক অসমীয়া কবিতাৰ নতুন ৰেঙণি উন্মোচন

 

 


ডিজিটেল সংবাদ, গোলাঘাটঃ অৰূপা নাথৰ আধুনিক অসমীয়া কবিতাৰ নতুন ৰেঙণি উন্মোচন ..গোলাঘাট পৌৰসভাৰ সভাকক্ষত বুধবাৰে লেখিকা অৰূপা নাথৰ আধুনিক অসমীয়া কবিতা নতুন ৰেঙণি গ্ৰন্থখন উন্মোচন কৰা হয়। শিক্ষাবিদ পূণ্যেশ্বৰ পূজাৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মৃগাংক বৰুৱায়। গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত কবি অৰূপা নাথৰ নৱতম গ্ৰন্থ আধুনিক অসমীয়া কবিতাৰ নতুন ৰেঙণি শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে কবি, প্ৰাৱন্ধিক, ভাষাবিদ, লোক কবিতাৰ গৱেষক, চিত্ৰকৰ তথা পৰিচালক ধ্ৰুৱজ্যোতি দাসে।উক্ত গ্ৰন্থ উন্মোচনী সভা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে নিৱন্ধকাৰ ডাঃঅজিত বৰুৱা, বুদ্ধিজীৱী হিৰেন গগৈ, লেখিকা লুকুমণি গোস্বামী, , শিক্ষাবিদ ড০ বিপুল ভূঞা,  অসমী গগৈ আদি।সভাৰ মাজতে উদয় বৰাই এটি বৰগীত পৰিৱেশন কৰি সভাখন জীপাল কৰি তোলে। পৰিয়াল আৰু ধ্ৰুৱজ্যোতি বৰা, তথা বন্ধুবান্ধৱৰ অনুপ্ৰেৰণাৰ বাবেই গ্ৰন্থখনি ৰচনা কৰাৰ সাহস পাইছিলোঁ বুলি  লেখিকা অৰূপা নাথে নিজৰ অনুভৱ ব্যক্ত কৰে। 

No comments