Breaking News

অসম চৰকাৰৰ কৃষি বিভাগে ৰেহাই মূল্যত যোগান ধৰা পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই মঙলবাৰে কামৰূপ জিলাৰ শালমাৰা গাঁৱৰ "কামৰূপা বহুমুখী পাম"ৰ কৰ্মকৰ্তা সকলৰ হাতত ৰাজহুৱাভাৱে অৰ্পণ কৰে ৷

 

ডিজিটেল সংবাদ,  মান্দাকাটাঃ অসম চৰকাৰৰ কৃষি বিভাগে ৰেহাই মূল্যত যোগান ধৰা পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই মঙলবাৰে কামৰূপ জিলাৰ শালমাৰা গাঁৱৰ "কামৰূপা বহুমুখী পাম"ৰ কৰ্মকৰ্তা সকলৰ হাতত ৰাজহুৱাভাৱে অৰ্পণ কৰে ৷ সেইমৰ্মে মুখ্যমন্ত্ৰীৰ ব্যত্তিগত সচিব তথা ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক উপ সভাপতি গৰাকী মঙলবাৰে প্ৰায় ৩-৩০ বজাত শালমাৰা বহুমুখী কৃষি পাম খনত উপস্থিত হৈ পামখন পৰিদৰ্শন কৰাৰ লগতে অনাগত দিনত এই কৃষি পামৰ যোগেদি স্বাৱলম্বী হবলৈ যুৱক যুৱতী সকলক  কৃষক মৰ্চাই সহায় সহযোগ কৰি যাব বুলি মন্তব্য কৰে   উপ-সভাপতি গৰাকীয়ে ৷ মঙলবাৰৰ এই অনুষ্ঠানটিত বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কিৰণ চন্দ্ৰ কাকতি, কামৰূপা বহুমুখী পামৰ সভাপতি বনজিৎ ডেকা প্ৰমুখ্যে পামখনৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

No comments