Breaking News

গোলাঘাটৰ গুলামপট্টিত চাঞ্চল্যকৰ ঘটনা।সন্দেহযুক্ত ড্ৰাগছ আসক্ত‌ই দাৰে ঘপিয়াই আহত কৰিলে গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকৰ

 


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ গুলামপট্টিত চাঞ্চল্যকৰ ঘটনা।সন্দেহযুক্ত ড্ৰাগছ আসক্ত‌ই দাৰে ঘপিয়াই আহত কৰিলে গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকৰ।গোলাঘাটৰ গুলামপট্টিস্থিত জয়ন্ত দাস,দিগন্ত দাসৰ পৰিয়ালে দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলজুৰি নানান অপকৰ্মৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।কেতিয়াবা যদি ঘৰৰ ভিতৰত নানান অবৈধ কাৰ্যৰে,কেতিয়াবা আকৌ দা-তৰোৱাল লৈ অঞ্চলজুৰি ওচৰ চুবুৰীয়াক আহত কৰি সন্ত্ৰাস সৃষ্টি কৰা পৰিয়ালটো ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে।আজি পুৱা ঘৰৰ সমুখত হাই-হূলস্থূল কৰি থকা পৰিয়ালটোক বাধা দিবলৈ আহোতে খুদ স্থানীয় গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদক বাবুল দাসক দাৰে ঘপিয়াই আহত কৰে দুই অভিযুক্ত‌ই।ইতিমধ্যেই কালিৰ দিনটোত এগৰাকী যুৱতীক আঘাত কৰাৰো উঠিছে অভিযোগ।ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত কালিৰ দিনটোত এজাহাৰ দাখিল কৰাৰ পাছতো আজিলৈকে গোলাঘাট আৰক্ষীয়ে ব্যৱস্থা লোৱাতো দূৰৰে কথা,পুনৰ একেই ঘটনা সংঘটিত কৰাব পৰাকৈ পৰিয়ালটোক উদগনি যুগুৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।নিজকে বচাবলৈ আজি অভিযুক্ত পৰিয়ালটোৱে নিজৰ ঘৰ ভাঙি স্থানীয় ৰাইজৰ ওপৰত দোষ জাপিব বিচাৰে তথা ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।আৰক্ষীয়ে অতিশীঘ্ৰে অত্যাচাৰী পৰিয়ালটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে ক্ষান্ত নথকাৰো হুংকাৰ দিয়ে।

No comments