Breaking News

শিৱসাগৰৰ আমগুৰিত এটা পৰিয়ালৰ কান্দোনৰ ৰোল তিনি কন্যাক এৰি নগাঁও এজন বিবাহিত শিক্ষকলৈ পলাই গ'ল বোৱাৰী


ডিজিটেল সংবাদ, শিৱসাগৰঃ
  শিৱসাগৰৰ আমগুৰিত এটা পৰিয়ালৰ কান্দোনৰ ৰোল তিনি কন্যাক এৰি নগাঁও এজন বিবাহিত শিক্ষকলৈ পলাই গ'ল বোৱাৰী   শিৱসাগৰৰ আমগুৰি সমষ্টি চেলেংহাট টেঙাবাৰীৰ ৰজত গগৈৰ পত্নীয়ে যোৱা ২২ নৱেম্বৰত নিজ কন্যাক স্কুলত থবলৈ নিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল । মহিলা গৰাকীৰ কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । মোবাইল ফোনেই যেন এখন সুখৰ সংসাৰলৈ নমাই আনিলে কাল অমানিশা । অৱশেষত ওলাল তিনি কন্যাক এৰি থৈ যোৱা মাতৃৰ সন্ধান । তিনি কন্যাক এৰি প্ৰায় ৫৫ বছৰীয়া মুনিন্দ্ৰ নাথৰে মোবাইল ফোনত চিনাকি হৈ নগাঁৱৰ বিবাহিত শিক্ষকলৈ পলাই গ'ল বোৱাৰী । শাহু-শহুৰ চকুত চকুপানী । ফলত স্বামী ৰজত গগৈ আৰু তেওঁৰ পৰিয়ালটো এতিয়া শোকত ভাগি পৰিছে । তিনি কন্যাৰ মাতৃ বিবাহিত শিক্ষকলৈ পলাই যোৱাটো সাধাৰণ ভাৱে ল'ব পৰা নাই গাওঁবাসী ৰাইজে 

No comments