Breaking News

শিৱসাগৰৰ নাজিৰাত কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন


ডিজিটেল সংবাদ, শিৱসাগৰঃ
 শিৱসাগৰৰ নাজিৰাত কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগি আধ্যাত্মিক নীতি-নিয়মেৰে লৈ গ'ল গুৱাহাটীলৈ  ৰাজ্যৰ পৰ্যটক দৰ্শনৰ সুবিধা হোৱাকৈ চৰকাৰে শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব গুৰু আসন ভাগি  শিৱসাগৰৰ নাজিৰাত আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰৰ ডেকা সত্ৰীয়া অমৃত মহন্তৰ প্ৰচেষ্টাত পাঁচ বছৰ ধৰি ৰাজ্যৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰি উলিওৱা হৈছিল কাঠত খোদিত গুৰুজনা অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ । শিৱসাগৰৰ নাজিৰা সমষ্টিৰ মঠিয়াছিগাস্থিত কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগত বুলোৱা হৈছে হেঙুল হাইতালৰ ৰং । এই হেঙুল হাইতালৰ ৰং বুলোৱা কামৰ বাবে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ কেইগৰাকীমান শিল্পী ব্যস্ত হৈ পৰিছিল আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰৰ ডেকা সত্ৰীয়া অমৃত মহন্তৰ বাসগৃহত । ৰাইজৰ দৰ্শনৰ সুবিধা হোৱাকৈ ২০২১ বৰ্ষৰ ৩ মাৰ্চত উন্মোচন কৰা হৈছিল সু-উচ্চ এই কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগ । সেইদিনাই গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ বাবে অসম চৰকাৰৰ হাতত এই সু-উচ্চ কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগ অৰ্পণ কৰাৰ কথা আছিল । সেই সময়ত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱা হেতুকে সংৰক্ষণৰ ব্যৱস্থা কৰা হয় জয়খামদাং গাঁৱৰ হৰি মন্দিৰত । এই ভাগ কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগৰ দীঘ আৰু প্ৰস্থ ১৩ ফুট । চৰকাৰৰ সিদ্ধান্ত অনুসৰি কাঠত খুদিত এই বৃন্দাবনী বস্ত্ৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগ বৃহত্তৰ নাজিৰাবাসী ৰাইজৰ উদ্যোগত আধ্যাত্মিক নীতি-নিয়মৰ মাজেৰে নাজিৰা নাট্য মন্দিৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হয় । বিগত বৰ্ষৰ অহা ২ ডিচেম্বৰত উত্তৰ গুৱাহাটীত অনুস্থিত হ'ব লগীয়া নামঘৰ সমাৰোহত তিনি দিনৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ প্ৰদৰ্শন কৰা হ'ব সু-উচ্চ কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগ । এই তিনি দিনৰ পিছতেই চৰকাৰে এই সু-উচ্চ কাঠত খুদিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা গুৰু আসন ভাগ গুৱাহটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত পৰ্যটক দৰ্শনৰ সুবিধা হোৱাকৈ সংৰক্ষণ কৰিব ।

No comments