Breaking News

সোণাৰিত মঙ্গল বাৰে নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাই লণ্ডভণ্ড কৰিলে ৪টাকৈ দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ বাসগৃহ ।

 


ডিজিটেল সংবাদ, সোণাৰিঃ
সোণাৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত সোণাৰিত মঙ্গল বাৰে নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাই লণ্ডভণ্ড কৰিলে ৪টাকৈ দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ বাসগৃহ । হাতীৰ জাকটোৰ আক্ৰমণত কথমপী ৰক্ষা পৰিল পৰিয়াল কেইটাৰ সদস্য সকল ।প্ৰাপ্ত তথ্য মতে   নিশা প্ৰায় ২মান বজাত বানফেৰা ৭ নং বস্তীৰ ৪টাকৈ পৰিয়াল ক্ৰমে উমা মুণ্ডা,বিনেন মুণ্ডা,কাৰ্তিক মুণ্ডা আৰু মদন মুণ্ডা নামৰ পৰিয়ালৰ বাসগৃহ সমুহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাদ্য সামগ্ৰী ওপৰিও বয়বস্তুুৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে । নিশা বন বিভাগৰ লোকে উপস্থিত থাকে যদিও বন্যস্থতীৰ  জাঁকটো খেদিবলৈ সক্ষম নহল । যাৰ বাবে মানুহৰ ঘৰবাৰী অনিষ্ট কৰাৰ অভিযোগ স্থানীয় গাওঁবাসীৰ।


No comments