Breaking News

বিদ‍্যায়তনিক সহপাঠ‍্যক্ৰমত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ লক্ষ্যৰে আঠখেলীয়া উৰণ পখী ভৱন বিদ‍্যালয়ত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন,।


 ডিজিটেল সংবাদ, মেৰাপানীঃ
বিদ‍্যায়তনিক সহপাঠ‍্যক্ৰমত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ লক্ষ্যৰে আঠখেলীয়া উৰণ পখী ভৱন  বিদ‍্যালয়ত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন,।আঠখেলীয়া উৰণ পখী ভৱনৰ উদ্যোগত আঠখেলীয়াৰ সতী সাধনী ক্ষেত্রত  অহা ২৫ আৰু ২৬ নবেম্বৰত দুদিনীয়া কাৰ্য‍্যসূচীৰে,  সত্ৰীয়া সংস্কৃতিৰ আৰ্হিৰে ৰাসলীলা উদযাপন।  আঠখেলীয়া উৰণ পখী ভৱন বিদ‍্যালয়ৰ বিদ‍্যাতয়নিক ছাত্ৰ-ছাত্ৰী সকলৰ লগতে,  সত্ৰীয়া সংস্কৃতিৰ ৰাসলীলাৰ  আৰ্হিত অসমৰ ভাওনা মঞ্চৰ জগতত অভিনয়েৰে  আলোড়ন সৃষ্টি কৰা দৈৱকীৰ ভাৱত মোহময়ী অভিনেত্ৰী সুকণ্যা ৰাজগুৰু, কংসৰ ভাৱত লাটুমনি শইকীয়া, সেনাপতিৰ দ্বীপেন দত্ত আৰু  কৃষ্ণৰ ভাৱত প্ৰাৰ্থ বৰাৰ অভিনয়েৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ উদযাপন  কৰিব । সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ বৃদ্ধি আৰু নৱপ্ৰজন্মৰ মাজত সম্প্ৰতিৰ বান্ধোন অটুত ৰখাৰ লগতে  বিদ‍্যয়তনিক সহপাঠ‍্যক্ৰমৰ  সহায়ৰ বাবেই আঠখেলীয়া উৰণ পখী ভৱনৰ এই পদক্ষেপ বুলি বিদ‍্যালয়ৰ সঞ্চালক জিতেন বৰাই জানিবলৈ দিছে  আৰু দুয়োটা দিনৰ কাৰ্য‍্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে।

No comments