Breaking News

উজনি অসমৰ প্ৰথমখন সত্ৰ উজনিয়াল সত্ৰৰ ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ


 ডিজিটেল সংবাদ, টিয়কঃ 
উজনি অসমৰ প্ৰথমখন সত্ৰ উজনীয়াল সত্ৰৰ ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৰু নাতি শ্ৰী শ্ৰী চতুৰ্ভূজ ঠাকুৰৰ আজ্ঞা ক্ৰমে কানুআতা পুৰুষে ১৬২২ চনত উজনি অসমত পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰা উজনীয়াল সত্ৰই ২০২২ বৰ্ষত ৪০০ বছৰ অতিক্ৰম কৰিলে।  এই উপলক্ষত শ্ৰী শ্ৰী কানু আতাৰ প্ৰয়াণৰ আঘোণৰ দ্বিতীয় তিথিৰ দিনা ঐতিহাসিক উজনিয়াল সত্ৰৰ ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱস বছৰজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে কালি শুভাৰম্ভ কৰা হয়।উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰৰ শিষ্যসকল একত্ৰিত হৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।সত্ৰৰ নামঘৰত পুৱা উষা কীৰ্ত্তন, নাম প্ৰসংগ,খোল প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ গ্ৰহণ কৰাৰ লগতে বৰ্ষ যোৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উক্ত ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। সেয়ে আগন্তুক প্ৰতিটো কাৰ্যসূচীতে সমগ্ৰ ভক্তপ্ৰাণ বৈষ্ণৱ তথা ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উজনীয়াল সত্ৰৰ পৰিচালনা সমিতিয়ে। অনুষ্ঠানত অনান্য সকলৰ উপৰি অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক লক্ষী মহন্ত, নেপালি সত্ৰৰ কিৰণ গোস্বামী,কাণপাৰ সত্ৰৰ জীৱন মহন্ত, সাংস্কৃতিক কৰ্মী পংকজ বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

No comments