Breaking News

ঐতিহাসিক ধোদৰ আলি পুননিৰ্মাণৰ দাবীত কমাৰবন্ধাত পথ অৱৰোধ।


 ডিজিটেল সংবাদ, গোলাঘাটঃ 
ঐতিহাসিক ধোদৰ আলি পুননিৰ্মাণৰ দাবীত কমাৰবন্ধাত পথ অৱৰোধ। ৰাইজৰ বাবে যাতায়াতৰ দুৰ্বিসহ হৈ পৰিছে ঐতিহাসিক ধোদৰ আলি। পথৰ মাজত দ দ গাঁত, জৰাজীৰ্ণ ৰূপে দীৰ্ঘদিনে জীয়াতু ভুগাই আহিছে পথাচাৰীক। উক্ত পথটোৰ পুননিৰ্মাণৰ দাবীত আজি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেছন কমাৰবন্ধা আঞ্চলিক সমিতিয়ে। ঐতিহাসিক ধোদৰ আলিৰ দুৰৱস্থাই কমাৰবন্ধা অঞ্চলৰ ৰাইজৰ জীৱন-যাতায়ত দুৰ্বিসহ কৰি তোলাৰ অভিযোগ কৰি প্ৰতিবাদত নামিল সংগঠন দুটা। ধোদৰ আলিৰ দ দ গাঁত, জৰাজীৰ্ণ ৰূপৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা হোৱাৰো অভিযোগ। অতি শীঘ্ৰে ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ দাবী সংগঠন দুটাৰ।

No comments