Breaking News

নুমলীগড়ৰ কমাৰগাও দুই শতাধিক বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ অস্থায়ী কৰ্মীৰ প্ৰতিবাদত কঁপিল, বিজুলি ভৱনত গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ

 


ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড়ৰ কমাৰগাও দুই শতাধিক বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ অস্থায়ী কৰ্মীৰ প্ৰতিবাদত কঁপিল, বিজুলি ভৱনত গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ নুমলীগড়ৰ সমীপৰ কমাৰগাঁওত আজি সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ কৰ্মী সন্থা গোলাঘাট জিলা সমিতিৰ এখন  প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মৌচিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশৰো অধিক অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে । কমাৰগাঁৱৰ বৰদিহিঙিয়া নাট্য মন্দিৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ সকলৰ চাকৰি নিয়মীয়া কৰক , অস্থায়ী কৰ্মী সকলক সম কামৰ সম মজুৰি প্ৰদান কৰক , অস্থায়ী কৰ্মী চাকৰি নিয়মীয়া কৰণ নকৰালৈকে নতুন নিযুক্তি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে  উত্তাল কৰি তোলে কমাৰগাঁৱৰ আকাশ বতাহ । আজি প্ৰতিবাদী স্থলীৰ পৰাই সন্থাৰ কৰ্মী সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অস্থায়ী মিটাৰ ৰিডাৰ সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই ।আনহাতে চৰকাৰে যদিহে শীঘ্ৰই সন্থাৰ দাবী মানি নলয় তেনেহ'লে আগন্তুক দিনত ৰাজ্যৰ চাৰি হাজাৰো অধিক বিল ক্লাৰ্ক ,মিটাৰ ৰিডাৰ অস্থায়ী কৰ্মীয়ে গুৱাহাটিৰ  বিজুলি ভৱনৰ সন্মুখত  অৱস্থান ধৰ্মঘট ,গণতান্ত্ৰিক আন্দোলনৰ লগতে অনশন কাৰ্যসূচী ৰূপায়ন  কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

No comments