Breaking News

মহাবীৰ লাচিত ৰ গাঁথাৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ হজৰা পুখুৰী

 


ডিজিটেল সংবাদ, তেজপুৰঃ 
মহাবীৰ লাচিত ৰ গাঁথাৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ হজৰা পুখুৰী ৷ ইতিহাস সৃষ্টি কৰিলে দুই শতাধিক শিল্পীয়ে ৷ জীৱন্ত ঘোঁৰা,হাতীৰে মুক্তাঙ্গনত সৃষ্টি কৰিলে ইতিহাস ৷ তিনিবাৰ কৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰা বিজিত গগৈয়ে শৰীৰ চৰ্চাৰ পৰিবৰ্ত্তে অৱতীৰ্ণ হ'ল মহাবীৰ লাচিতৰ চৰিত্ৰত শব্দ-পোহৰৰ মায়াজালত লাচিত বৰফুকনৰ বীৰ গাঁথাৰে পুনৰ ইতিহাস হ'ল তেজপুৰৰ ঐতিহাসিক হজৰাপাৰ ৷ আতন বুঢ়াগোহাঁইৰ ৰূপত বিশিষ্ট চলচ্চিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, প্ৰতাপ সিংহৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা, চক্ৰধ্বজ সিংহৰ ৰূপত বিধায়ক পৃথ্বিৰাজ ৰাভা, চুকাফাৰ ৰূপত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পাখৰী কুঁৱৰীৰ ৰূপত বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম আৰু বিশেষ চৰিত্ৰত মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাৰ লগতে দুই শতাধিক শিল্পীৰ  সাধনাৰ ফলত মুক্তাংগণত "লাচিত - বুৰঞ্জী লিখাৰ তৰোৱাল" নাটকৰ দৰ্শকে অভিলেখ সৃষ্টি কৰিলে তেজপুৰত ৷  উল্লেখযোগ্য যে শোণিতপুৰৰ উপায়ুক্ত শ্ৰীযুত দেৱকুমাৰ মিশ্ৰইয়ো এটি বিশেষ চৰিত্ৰত অভিনয় কৰে ৷ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওল্যুং চ্যুকাফাৰ নাম ভূমিকাত অভিনয় কৰে শোণিতপুৰৰ উপায়ুক্ত গৰাকীয়ে ৷ "ইতিহাসৰ বৰভেঁটি প্ৰগতিৰ সত্য" ৰূপকোঁৱৰৰ এই উক্তি ক সাৰোগত কৰি দেওবাৰে  সন্ধিয়া আধুনিক কাৰীকৌশলেৰে তেজপুৰত শাসন কৰা শালস্তম্ভ বংশৰ ৰজা হৰ্জৰ বৰ্মনৰ স্মৃতি বিজড়িত হজৰা পুখুৰীৰ মুক্তাঙ্গনত সৃষ্টি কৰিলে এক নতুন ইতিহাস ৷ "লাচিত-বুৰঞ্জী লিখা তৰোৱাল" শীৰ্ষক নাট খনিৰে সমগ্ৰ অসমতে জিলিকি উঠিল সাংস্কৃতি নগৰী তেজপুৰ ৷ শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অসম ৰেপাৰটৰীয়ে প্ৰযোজনা কৰা তথা তেজপুৰৰ যুৱ ব্যৱসায়ী তথা কথা শিল্পী নয়নজ্যোতি ভট্টাচাৰ্যৰ বহুল সমাদৃত উপন্যাস "বুৰঞ্জী লিখা তৰোৱাল"ৰ আধাৰত নাট্যকাৰ-পৰিচালক তথা যুৱ সাংবাদিক পুলক কুমাৰ ডেকাৰ ৰচনা,পৰিকল্পনা আৰু পৰিচালনাৰে সৰ্ব্বাত্মক ভাৱে সফল ৰূপত অসমত প্ৰথম বাৰৰ বাবে মঞ্চায়ন হ'ল মহাবীৰ লাচিতৰ বীৰ গাঁথা ৷ তেজপুৰ ইতিহাস প্ৰসিদ্ধ হজৰা পুখুৰী পৰিণত হ'ল বৰলুইতলৈ ৷ 


No comments