Breaking News

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন।

 


ডিজিটেল সংবাদ, ধুবুৰীঃ 
বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন।অহা ২৪ নৱেম্বৰত সমগ্ৰ অসমত উদযাপন হ'ব লগীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধুবুৰী জিলাতো জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি লোৱা দেখা গৈছে।  বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আজি ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিভিন্ন মহিলা আত্ম সহায়ক গোট আৰু স্বেচ্ছাসেৱী সংগঠনে থলুৱা ভাৱে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ বাবে বিপনি খোলাৰো ব্যৱস্থা কৰা হৈছে।

No comments